For thousands of years, Indians have turned to the East. Not just to see the sunrise, but also to pray for its light to spread over the entire world: PM
Singapore shows that when nations stand on the side of principles, not behind one power or the other, they earn the respect of the world and a voice in international affairs: PM
The Indian Ocean has shaped much of India’s history. It now holds the key to our future: Prime Minister Modi
Southeast Asia is our neighbour by land and sea. With each Southeast Asian country, we have growing political, economic and defence ties, says PM Modi
Our ties with Japan – from economic to strategic – have been completely transformed. It is a partnership of great substance and purpose that is a cornerstone of India’s Act East Policy: PM
India’s global strategic partnership with the US continues to deepen across the extraordinary breadth of our relationship; Indo-Pacific Region an important pillar of this partnership: PM
India and China are the world’s two most populous countries and among the fastest growing major economies. Our cooperation is expanding, trade is growing: PM
Our principal mission is transforming India to a New India by 2022, when Independent India will be 75 years young: Prime Minister Modi
India does not see the Indo-Pacific Region as a strategy or as a club of limited members. Nor as a grouping that seeks to dominate: Prime Minister
Solutions cannot be found behind walls of protection, but in embracing change: Prime Minister
Asia of rivalry will hold us all back. Asia of cooperation will shape this century: PM Narendra Modi
Competition is normal. But, contests must not turn into conflicts; differences must not be allowed to become disputes: PM Modi

প্ৰধানমন্ত্ৰী ছিয়েন লুং,

আপোনাৰ বন্ধুত্ব, নেতৃত্ব, ভাৰত-ছিংগাপুৰৰ অংশীদাৰিত্ব আৰু এই অঞ্চলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আপোনাক ধন্যবাদ। 

প্ৰতিৰক্ষা মন্ত্ৰীসকল,

শ্ৰীযুত জন ছিপমেন,

উপস্থিত বিশিষ্ট ব্যক্তিসকল,

নমস্কাৰ আৰু সকলোকে শুভ সন্ধিয়া জনাইছো।

ভাৰতৰ বাবে স্বর্ণভূমি হিচাপে পৰিচিত এই অঞ্চললৈ পুনৰ আহিবলৈ পাই মই অত্যন্ত আনন্দিত হৈছো।

এটা বিশেষ বৰ্ষত ইয়াত উপস্থিত হ’বলৈ পাই মই সুখ অনুভৱ কৰিছো। আছিয়ানৰ সৈতে ভাৰতৰ সম্পৰ্কৰ এইটো এটা মাইলৰখুঁটিসদৃশ বৰ্ষ।

যোৱা জানুৱাৰী মাহত আমাৰ গণৰাজ্য দিৱসত আছিয়ানৰ ১০ গৰাকী নেতাক সন্মান জনাইছিলো। আছিয়ান-ভাৰত স্মাৰক সন্মিলনখন আছিল আছিয়ানৰ সৈতে আমাৰ প্ৰতিশ্ৰুতি আৰু এক্ট-ইষ্ট পলিচিৰ এক উপযুক্ত উদাহৰণ।

হাজাৰ হাজাৰ বছৰৰ আগতে ভাৰতীয়সকলে পূবলৈ ঘুৰি চাইছিল। তেওঁলোকে কেৱল সুৰ্যোদয় চাবলৈ নহয়, ইয়াৰ বিপৰীতে প্ৰাৰ্থনা কৰিছিল যে ইয়াৰ পোহৰ সমগ্ৰ বিশ্বতে বিয়পি পৰক। বৰ্তমানৰ মানৱে উদিত পূবলৈ চাইছে আৰু আশা কৰিছে যে এই একবিংশ শতিকাই সমগ্ৰ বিশ্বতে ইয়াৰ দৃষ্টিপাত কৰে। কাৰণ, বিশ্ববাসীৰ লক্ষ্যত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়নৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়।

কাৰণ, প্ৰতিশ্ৰুতিৰ এই নতুন যুগত বৈশ্বিক ৰাজনীতি আৰু ইতিহাসৰ ত্ৰুতিৰেখাসমূহ স্থানান্তৰিত কৰাটো ধৰা পৰিছে। মই ক’ব খুজিছো যে আমি যি ভৱিষ্যতৰ সপোন দেখিছো, সেয়া ছাংগ্ৰী লাৰ দৰে অলীক হ’ব নালাগিব, যাতে আমি আমাৰ সামূহিক আশা-আকাংক্ষাক এই ক্ষেত্ৰত আকাৰ দিব পাৰো। ইয়াক আগুৱাই নিবৰ বাবে ছিংগাপুৰতকৈ উপযুক্ত ঠাই নাই। ছিংগাপুৰে আমাক দেখাই যে মহাসাগৰ যেতিয়া উন্মুক্ত, সমুদ্র নিৰাপদ, দেশসমূহ সংযুক্ত, আইনৰ শাসন বিদ্যমান আৰু এই অঞ্চল স্থিতিশীল, জাতি, সৰু অথবা ডাঙৰ; সার্বভৌম দেশ হিচাপে সমৃদ্ধ –তেতিয়া তেওঁলোকৰ পছন্দও মুক্ত আৰু নির্ভীক হয়।

ভাৰতৰ বাবে ছিংগাপুৰ এখন লায়ন নেচন আৰু এখন লায়ন চিটী। যেতিয়া এখন দেশ ব্যক্তি বিশেষৰ ক্ষমতা অথবা আন কাৰোবাৰ দ্বাৰা চলাতকৈ দেশৰ নীতিৰ প্ৰতি দৃঢ় হয়, তেতিয়া সেই দেশে বিশ্বৰ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম হয় আৰু ছিংগাপুৰে সেইটোকো দেখুৱাইছে। আৰু যেতিয়া তেওঁলোকে স্বদেশৰ এক বৈচিত্ৰতাক আকোঁৱালী ল’ব, তেওঁলোকে বাহিৰতো এক অন্তৰ্ভূক্তিমুলক বিশ্ব বিচাৰিব।

ছিংগাপুৰ আমাৰ বাবে আছিয়ানৰ ছাইনবোৰ্ড। শতিকাজুৰি ই পূবৰ দেশৰ সমূহৰ বাবে ভাৰতৰ ঘাইপথ হিচাপে চিহ্নিত হৈ আহিছে। ভাৰতৰ বাবে এই অঞ্চলটোৰ সমান ইমান গুৰুত্ব কোনেও লাভ কৰা নাই। আৰু ভালৰ বাবে।

প্ৰাক্-বৈদিক যুগৰ পৰা ভাৰতৰ বাবে সাগৰসমূহে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। সাগৰ আৰু বৰুণ-সকলো জলৰে দেৱতাই বিশ্বৰ সবাতোকৈ প্ৰাচীন গ্ৰন্থ বেদসমূহত মুখ্য স্থান লাভ কৰিছে। হাজাৰ হাজাৰ বছৰৰ আগতে লিখা প্ৰাচীন পুৰাণত ভাৰতৰ ভৌগোলিক সংজ্ঞা সাগৰক কেন্দ্ৰ কৰি দিছিলঃ उत्तरों यत समुद्रस्य। অৰ্থাৎ ই এনে এখন ঠাই, যি সাগৰৰ উত্তৰ পাৰে অৱস্থিত।

মোৰ গৃহৰাজ্যত থকা লোথাল হৈছে বিশ্বৰ প্ৰাচীন বন্দৰসমূহৰ অন্যতম। আনকি বৰ্তমানেও ইয়াত জাহাজ ৰখায়। ভাৰত মহাসাগৰে ভাৰতৰ ইতিহাসক এক আকৃতি প্ৰদান কৰিছে। ই আমাৰ ভৱিষ্যতৰ চাবিকাঠি ধৰি ৰাখিছে। এই মহাসাগৰে ভাৰতৰ বাণিজ্য আৰু শক্তিৰ উৎসৰ ৯০% বহন কৰে। ই বৈশ্বিক বাণিজ্যৰো আয়ুস ৰেখা।

তিনি বছৰৰ পূৰ্বে মৰিচাচত মই এটা শব্দত আমাৰ দৃষ্টিভংগী ব্যাখ্যা কৰিছিলো।- সেয়া হৈছে SAGAR। ইয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে Security and Growth for All in the Region। অৰ্থাৎ অঞ্চলটোৰ সকলোৰে নিৰাপত্তা আৰু বিকাশ হওঁক। আৰু তাকেই আমি আমাৰ পূবৰ ক্ষেত্ৰত অনুকৰণ কৰো। এতিয়া অধিক দৃঢ়তাৰে আমাপৰ এক্ট ইষ্ট পলিচিৰ জৰিয়তে ইয়াক পালন কৰিছো।

দক্ষিণ-পূব এছিয়া স্থল আৰু সাগৰীয় দিশৰ পৰা চুবুৰীয়া দেশ। প্ৰতিখন দক্ষিণ-পূব দেশৰ সৈতে আমাৰ বিকাশশীল ৰাজনৈতিক, অৰ্থনৈতিক আৰু প্ৰতিৰক্ষামুলক সম্পৰ্ক বিদ্যমান। আছিয়ানৰ সৈতে আমাৰ বিগত ২৫ বছৰীয়া কৌশলগত সহযোগিতা আছে।

জাপানৰ সৈতে আমাৰ সম্পৰ্ক-অৰ্থনীতিৰ পৰা কৌশলগত সহযোগিতালৈকে সম্পূৰ্ণ স্বচ্ছ। ই আমাৰ বাবে সহযোগিতাৰ এক অমূল্য উপাদানৰ লগতে ভাৰতৰ এক্ট ইষ্ট পলিচিৰো আধাৰশিলা স্বৰূপ। কোৰিয়াৰ সৈতে আমাৰ শক্তিশালী সম্পৰ্ক আছে। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ সৈতে আমাৰ সহোগিতাই নতুন শক্তি যোগাইছে।

প্ৰায় তিনি বছৰৰ পূৰ্বে মই ফিজি ভ্ৰমণ কৰি প্ৰশান্ত মহাসাগৰীয় দেশখনৰ সৈতে সফলতাৰে এক নতুন অধ্যায়ৰ সূচনা কৰিলো। ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ সহযোগিতামুলক মঞ্চ(এফআইপিআইচি)ৰ বৈঠকে এই দেশসমূহৰ সৈতে থকা ভৌগোলিক দুৰত্বৰ মাজত আগ্ৰহ আৰু কাৰ্যৰ দ্বাৰা যোগসূত্ৰ স্থাপন কৰিলে।

ৰাছিয়াৰ সৈতে ভাৰতৰ প্ৰথম কৌশলগত সহযোগিতাই বিশেষ মাত্ৰা লাভ কৰিলে। দহ দিন পূৰ্বে মই ছোচিত ৰাষ্ট্ৰপতি পুটিনৰ সৈতে মিলিত হৈ শক্তিশালী মাল্টি প’লাৰ বিশ্বৰ সম্মুখত দেখা দিয়া সময়ৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পৰাকৈ আমি মতামত আগবঢ়াইছো।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৈতে আমাৰ বৈশ্বিক কৌশলগত সহযোগিতা আমাৰ সম্পৰ্কৰ অসাধাৰণ অংশক লৈ গভীৰ হৈ উঠিছে। এই সহযোগিতাৰ গুৰুত্বপূৰ্ণ স্তম্ভ হৈছে আমাৰ মুক্ত, সুস্থিৰ, নিৰাপদ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক সমৃদ্ধিশালীৰ সন্দৰ্ভত মিলিত দৃষ্টিভংগী।

চীনৰ সৈতে আমাৰ যি সম্পৰ্ক, সেয়া আন কোনো দেশৰ সৈতে নাই। আমি বিশ্বৰ দুখন সৰ্বাধিক জনবহুল দেশৰ লগতে দ্ৰুত বিকাশশীল অৰ্থনীতিৰ দেশসমূহৰো অন্যতম।

আমাৰ সহযোগিতা বৰ্তমান সম্প্ৰসাৰিত হৈছে। বাণিজ্যও বিকশিত হৈছে। আৰু আমি আমাৰ সমস্যাবোৰ সমাধান আৰু সীমান্তত শান্তি নিশ্চিত কৰাৰ বাবে আমাৰ পৰিপক্কতাৰ লগতে জ্ঞানক প্ৰদৰ্শিত কৰিছো। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত আমাৰ উপস্থিত দিনে দিনে বিকশিত হৈছে।

যোৱা এপ্ৰিল মাহত চীনৰ প্ৰধানমন্ত্ৰী জিৰ সৈতে দুদিনীয়া অনানুষ্ঠানিক বৈঠকে আমাৰ বুজাবুজিত দৃঢ়তা অনাৰ লগতে দুয়ো দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী আৰু সুস্থিৰ কৰি বৈশ্বিক শান্তি আৰু প্ৰগতিত গুৰুত্বপূৰ্ণ কাৰক হিচাপে কাম কৰিছে। মই খুবেই বিশ্বাস কৰো যে এছিয়া আৰু বিশ্বৰ ভৱিষ্যত সুন্দৰ হ’ব, যদিহে ভাৰত আৰু চীনে একেলগে বিশ্বাসেৰে কাম কৰে।

ভাৰতে স্বাধীনতা লাভ কৰাৰ ৭৫ তম বৰ্ষপূৰ্তিত ২০২২ চনত দেশক পৰিৱৰ্তনশীল ভাৰতৰ পৰা নিউ ইণ্ডিয়ালৈ পৰ্যবসিত কৰাটোৱেই আমাৰ মুখ্য মিচন।

আমি প্ৰতি বছৰে ৭.৫ৰ পৰা ৮%লৈ বিকাশৰ দিশে অগ্ৰসৰ হৈছো। আমাৰ অৰ্থনীতিৰ বিকাশ হ’ব, তেতিয়াই আমাৰ বৈশ্বিক আৰু আঞ্চলিক সংহতিও বৃদ্ধি কৰিবলৈ সক্ষম হৈছো।

৮০০ মিলিয়নতকৈ অধিক যুৱশক্তিৰ এখন দেশে জানে যে তেওঁলোকৰ ভৱিষ্যত কেৱল ভাৰতীয় অৰ্থনীতিৰ বাবে নহয়, বৈশ্বিক সম্পৰ্কৰ গাঢ়তাৰ জৰিয়তেহে নিৰাপদ হ’ব। যিকোনো ঠাইৰ সৈতে আমাৰ সম্পৰ্ক গভীৰ হ’ব আৰু অঞ্চলটোত আমাৰ উপস্থিত বৃদ্ধি পাব।

এইখন আন্তঃনিৰ্ভৰ ভাগ্য আৰু বিফলতাৰ এক বিশ্ব। কোনো ৰাষ্ট্ৰই অকলে নিজেই নিজৰ সুৰক্ষা গঢ় দিব নোৱাৰে। এইখন এনে এখন দেশ, য’ত আমি সকলোৱে বিভাজন আৰু প্ৰতিযোগিতাৰ ঊৰ্ধত থাকি একেলগে কাম কৰিব লাগে। এয়া সম্ভৱনে?

হয়, এয়া সম্ভৱ। মই এইক্ষেত্ৰত আছিয়ানক ইয়াৰ উপযুক্ত উদাহৰণ আৰু প্ৰেৰণা বুলি ভাৱো। 

ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক এটি বিশেষ কৌশল কেন্দ্র বা সীমিত সংখ্যক সদস্যৰ গোষ্ঠী হিচাপে ভাৰতে চাব নিবিচাৰে। তদুপৰি, কোনো দেশৰ বিৰুদ্ধে গঢ়ি তোলা মঞ্চ হিচাপেও আমি ইয়াক বিবেচনা কৰিব নিবিচাৰো। ইয়াৰ দৰে ভৌগোলিক সংজ্ঞা একো হ’ব নোৱাৰে। ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী অতি ইতিবাচক আৰু ইয়াৰ যথেষ্ট উপাদান আছে।

এক,

আমাৰ দৃষ্টিভংগী হৈছে এক উন্মুক্ত আৰু সুসংহত অঞ্চল সৃষ্টি কৰা, যিটোৱে আমাৰ অগ্রগতি আৰু সমৃদ্ধিৰ অভিন্ন উদ্দেশ্য পৰিচালিত কৰে।

দুই,

দক্ষিণ-পূব এছিয়া হৈছে ইয়াৰ কেন্দ্ৰবিন্দু। আৰু আছিয়ান সদায় ইয়াৰ ভৱিষ্যতৰ কেন্দ্রবিন্দু হৈ থাকিব। এই আদর্শই সদায় ভাৰতক পথ দেখুৱাব। কাৰণ, আমি এই অঞ্চলৰ শান্তি আৰু নিৰাপত্তাৰ স্বার্থত এক স্থাপত্য হিচাপে সহযোগিতা আগবঢ়াব বিচাৰো।

তিনি,

আমি বিশ্বাস কৰো যে আলোচনাৰ জৰিয়তেহে আমাৰ অভিন্ন সমৃদ্ধি আৰু নিৰাপত্তাৰ বিষয়সমূহ বিচাৰি উলিয়াব লাগিব। তাৰবাবে এক অভিন্ন আইন-ভিত্তিক ব্যৱস্থাৰ প্রয়োজন, যি সকলোৰে ক্ষেত্রত সমানভাবে প্রযোজ্য হ’ব। একেদৰে, সার্বভৌমত্ব আৰু ভৌগলিক অখণ্ডতাৰ প্রতিও বিশ্বাস অটুট থাকিব। এই ব্যৱস্থা আৰু নিয়মনীতি কেইজনমান লোকৰ ক্ষমতাৰ ওপৰত ভিত্তি নকৰি, সকলোৰে সম্মতিত প্ৰস্তুত কৰা হ’ব। ইয়াৰ অর্থ এই যে ৰাষ্ট্রসমূহে যেতিয়ান আন্তর্জাতিক স্তৰত কোনো প্ৰতিশ্ৰুতি দিব, তেতিয়া তাক মানি চলাৰ দিশতো ভাল হ’ব। আঞ্চলিকতা আৰু বহুপাক্ষিকতাবাদৰ প্রতি ইয়েই হ’ল ভাৰতৰ আস্থাৰ ভিত্তি।

চাৰি,

আকাশ আৰু সমুদ্রৰ উন্মুক্ত অংশ ব্যৱহাৰৰ ক্ষেত্রত আমাৰ সকলোৰে সমান আধিকাৰ আছে।  যেতিয়া আমি সকলোৱে এই বিধি মানি চলিম, তেতিয়াই সমুদ্রই আমাৰ সমৃদ্ধিৰ পথ আৰু শান্তিৰ মাধ্যম হৈ উঠিব। আমি সকলো নৌ-বাণিজ্য অপৰাধ দমন, সামুদ্রিক জৈৱ বৈচিত্র্য সংৰক্ষণত, দুর্যোগ মোকাবিলা আৰু নীল অর্থনীতিৰ পৰা সমৃদ্ধিৰ লক্ষ্যৰে অগ্রসৰ হোৱাত সক্ষম হ’ব।

পাঁচ,

এই অঞ্চলটোৰ সকলোৱেই বিশ্বায়নৰ পৰা উপকৃত হৈছে। এইবোৰৰ ভিতৰত ভাৰতীয় খাদ্য অন্যতম। কিন্তু, এই ক্ষেত্ৰত কিছু বিৰোধিতাৰ সৃষ্টি হৈছে-সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত। বিৰোধিতাৰ আঁৰৰ পৰা ইয়াৰ সমাধান সুত্ৰ বিচাৰি উলিওৱাটো সম্ভব নহয়। আমি সকলোকে সমান অংশীদাৰিত্বৰ ভাৱেৰে চাও। ভাৰতে সদায় মুক্ত আৰু স্থিতিশীল আন্তর্জাতিক বাণিজ্য ব্যৱস্থাৰ পক্ষে মাত মাতি আহিছে। ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলতো আমি আইনভিত্তিক উদাৰ, সামঞ্জস্যপূর্ণ আৰু স্থিতিশীল বাণিজ্যিক পৰিবেশক সমৰ্থন কৰিব। আমাৰ এই নীতি বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্রত সকলো দেশৰ স্বার্থত হ’ব।

ছয়,

যোগাযোগ ব্যৱস্থাই সদায় অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই বাণিজ্য আৰু সমৃদ্ধিশালী কৰাত অৰিহণা যোগায়। ই এটা অঞ্চলক একত্ৰিত কৰে। ভাৰতে শতিকাজুৰি এই দিশত গুৰুত্ব আৰোপ কৰিপ কৰি আহিছে। এই অঞ্চলটোত যোগাযোগৰ ক্ষেত্ৰত বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰি অহা হৈছে। এয়া সফল হ’লে, ইয়াৰ দ্বাৰা কেৱল আন্তঃগাঁথনিয়েই গঢ় লৈ নুঠে, আমাৰ মাজত বিশ্বাসো গঢ় ল’ব। এই ক্ষেত্ৰত আমি বিভিন্ন দেশ তথা বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলিছো।

শেষত,

এয়া তেতিয়াহে সম্ভৱ, যদিহে আমাৰ মাজত পূৰ্বৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ মনোভাৱ গঢ় লৈ নুঠে। প্ৰতিদ্বন্দ্বীতাপূৰ্ণ এছিয়াই আমাক আৰু অধিক পিছলৈ ঠেলি দিব। সহযোগিতামূলক এছিয়াই এই শতিকাক অধিক উজ্জ্বল কৰিব। সেয়েহে, প্রতিখন দেশে নিজক সুধি চাওক যে তেওঁলোকে এখন অধিক ঐক্যবদ্ধ বিশ্ব গঢ়িব বিচাৰে নে, বিভেদৰ পথ বাচিব বিচাৰে। এই দায়িত্ব বর্তমান শক্তিধৰ আৰু উত্থানশীল শক্তিধৰ দেশ উভয়ৰে। প্রতিযোগিতা থকাটো স্বাভাবিক। কিন্তু সেয়া যাতে কেতিয়াও প্ৰতিদ্বন্দ্বীৰ কাৰণ হৈ উছে।

আমি যেতিয়া একেলগ হৈ কাম কৰিম, তেতিয়া আমি বর্তমান সময় প্রকৃত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পৰাকৈ সক্ষম হৈ উঠিম। আমাৰ এই গ্রহটোক সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হৈ উঠিম। আমি আমাৰ লোকসকলক সন্ত্ৰাসবাদ আৰু চাইবাৰ ভাবূকিৰ পৰা নিৰাপত্তা দিবলৈ সক্ষম।

আমি একেলগ হৈ মানৱ সভ্যতাৰ প্ৰতি যথেষ্ট বৰঙণি আগবঢ়াব পাৰো। আৰু আমি যুদ্ধৰ বিভীষিকাৰ আৰু শান্তিৰ আশাৰ মাজেৰেই দিন অতিবাহিত কৰি আহিছো। আমাৰ ক্ষমতাৰ সীমাবদ্ধতাক দেখি আহিছো। আৰু আমি সহযোগিতাৰ ফলো দেখি আহিছো।

এই বিশ্ব দুই পথৰ সংযোগস্থলত উপনীত হৈছে। ইতিহাসৰ বেয়া শিক্ষাৰ প্ৰতি প্রলুব্ধ হোৱাৰ পথ যিমান আছে, জ্ঞানৰ পথো সিমানেই আছে। এই জ্ঞানেই আমাৰ ক্ষুদ্র স্বার্থৰ দৃষ্টিভংগীৰ পৰা ওপৰলৈ উঠাৰ আৰু সকলো জাতিৰ কল্যাণৰ স্বার্থত একেলগে কাম কৰাৰ দিক নিৰ্দেশ কৰে। মই সকলোকে এই পথ অনুসৰণ কৰাৰ বাবে আহ্বান জনাইছো।

ধন্যবাদ,

সকলোকে বহুত বহুত ধন্যবাদ জনাইছো।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Micron’s ₹22,516-crore ATMP facility in Gujarat; calls chips ‘Regulator of 21st century’

Media Coverage

PM Modi inaugurates Micron’s ₹22,516-crore ATMP facility in Gujarat; calls chips ‘Regulator of 21st century’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi offers prayers at Arulmigu Subramaniyaswamy Temple, Thirupparankundram in Madurai
March 01, 2026

The Prime Minister, Shri Narendra Modi, visited and offered prayers at the Arulmigu Subramaniyaswamy Temple in Thirupparankundram, Madurai today.

During his visit to the sacred temple, the Prime Minister sought blessings for the peace, prosperity, and well-being of all citizens. The Prime Minister expressed his hope that Lord Murugan would continue to guide us with strength, courage, and wisdom.

The Prime Minister shared his sentiments with the invocation, "Vetrivel Muruganukku Arogara!"

The Prime Minister Shared on X:

"Vetrivel Muruganukku Arogara!

Prayed at the Arulmigu Subramaniyaswamy Temple, Thirupparankundram, Madurai.

Sought blessings for peace, prosperity and the well-being of all. May Lord Murugan always guide us with strength, courage and wisdom."